গৰুৰ বিষয়ে ৰচনা | Cow Essay in Assamese

গৰু

ইয়াত class2, class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ এখন গৰুৰ বিষয়ে ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই  গৰুৰ বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো। 


গৰুৰ বিষয়ে ৰচনা

আৰম্ভণিঃ গৰু এবিধ ঘৰচীয়া জন্তু। ঠাইভেদে বেলেগ বেলেগ জাতৰ গৰু পোৱা যায়। ঠাইভেদে অসমীয়া, নেপালী, ভূটীয়া, জাৰ্টি, সিন্ধ্ৰি আদি বিভিন্ন নাম অনুযায়ী বিভিন্ন জাতৰ গৰু আছে। গৰুৱে ঘাঁহ, খেৰ, দানা আদি খায়। পোৱালি গৰুৱে জন্মৰ পৰা প্ৰায় এক/ডেৰমাহলৈ মাকৰ গাখীৰ খায়। তাৰ পাছত অলপ অলপকৈ ঘাঁহ, খেৰ আদি খোৱাৰ অভ্যাস কৰে। পৃথিৱীৰ প্ৰায় সকলো দেশতে গৰু পোৱা যায়। মতা গৰুক বলধ, দমৰা আৰু মাইকী গৰুক গাই, কাঢ়লী বা চেউৰী বোলে। পোৱালি দিয়াৰ পিছতে কাঢ়লীক গাই বোলে ৷ 

আকৃতিঃ আমাৰ অসমৰ গৰুবোৰ সৰু সৰু । ই প্ৰায় এক মিটাৰমান ওখ হয়। কিন্তু নেপালী, ভূটীয়া, সিন্ধি আৰু জাৰ্চি গৰুবোৰ ডাঙৰ-দীঘল ৷ ডেৰ-দুই মিটাৰ ওখ হয়। গৰুৰ ঠেং চাৰিখন। প্ৰতিখন ঠেঙতে দুটাকৈ খুৰা থাকে। প্ৰতিটো খুৰা দুটা ভাগত বিভক্ত। ইয়াৰ কাণ দুখন দীঘল। যিফালে ইচ্ছা, সেইফালে ঘূৰাব পাৰে। মূৰত দুটাকৈ শিং থাকে। শিং নথকা গৰুক লাওমূৰা বোলে । গৰুৰ ডিঙি দীঘল। ডিঙিৰ তলফালে এখন গলবিচনী থাকে। গৰুৰ মুখখন জোঙা ৷ ইয়াৰ আগফালৰ ওপৰৰ পাৰি দাঁত নাই। কান্ধৰ ওপৰত এটা চুঁট থাকে। জাৰ্চি গৰুৰ চুট নাথাকে। গৰুৰ গোটেই গাটো নোমেৰে ঢকা। ইয়াৰ এডাল নেজ আছে। নেজৰ আগত একোছা দীঘল চুলি আছে। তাৰ সহায়ত গৰুৱে গাত পৰা মহ, দাঁহ আদি খেদে। 

প্ৰকৃতিঃ গৰু এবিধ শান্ত প্ৰকৃতিৰ জন্তু। ই সহজতে ঘৰচীয়া হৈ পৰে। তাৰ শিঙেৰে নিজক ৰক্ষা কৰিবলৈ যত্ন কৰে। গাই গৰুৱে বছৰত এটাকৈ পোৱালি দিয়ে । পোৱালি গৰুক দামুৰী বোলে। গাইজনীয়ে নিজৰ পোৱালিক বৰ মৰম কৰে। 

গৰুৰ খাদ্যঃ গৰুৱে বিভিন্ন প্ৰকাৰৰ ঘাঁহ, খেৰ, গছৰ পাত, তুঁহ, চাপৰ দানা, ভাত আদি খায়। গৰুৱে প্ৰথমতে ঘাঁহ, খেৰ আদি আধা চোবাই গিলি থয়। জিৰণিৰ সময়ত আকৌ উগাৰি উলিয়াই আনি ভালকৈ চোবাই গিলি খায়। ইয়াকে ঘাঁহ পাগুলা বোলে । 

বৰণঃ গৰু নানা বৰণৰ আছে যদিও ঘাইকৈ বগা, ক'লা, মুগা, ৰঙা, কজলা, পখৰা আদি বৰণৰ গৰু বেছিকৈ পোৱা যায়। 

গৰুৰ উপকাৰিতাঃ গৰু এবিধ বৰ উপকাৰী জন্তু। বলধ গৰুৰে খেতিয়কে পথাৰত হাল বায় আৰু গাড়ী টনায়, মৰণা মাৰে। গাই গৰুৱে পোৱালি দিয়াৰ লগতে গাখীৰো দিয়ে। গৰুৰ গাখীৰ বৰ পুষ্টিকৰ খাদ্য। গৰুৰ গাখীৰৰ পৰা দৈ, ঘি, মাখন, চানা আদি তৈয়াৰ কৰা হয়। বহুত মানুহে গাই পুহি গাখীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰাৰ উপৰি অৰ্থ উপাৰ্জন কৰি আৰ্থিক অৱস্থা টনকিয়াল কৰিছে। 

গৰুৰ গোবৰ খেতিৰ বাবে এবিধ উত্তম সাৰ। গৰুৰ চামৰাৰ পৰা জোতা, চেণ্ডেল, বেগ আদি তৈয়াৰ কৰা হয়।  

সামৰণিঃ হিন্দু ধৰ্মৰ মানুহে গৰুক লক্ষ্মীৰ জ্ঞান কৰে। গাৱত এষাৰ কথা প্ৰচলিত আছে যে - যাৰ নাই গৰু সি সবাতোকৈ সৰু। গৰু গাৱৰ মানুহৰ জীৱনৰ এক এৰাব নোৱাৰা অংগ বুলিব পাৰি। গতিকে ইমান উপকাৰী জন্তুক আমি সদাই যত্ন কৰি ৰাখিব লাগে ৷

-- সমাপ্ত --


class2, class 3, class 4, class 5, class 6, class 7 ৰ ছাত্ৰ-ছাত্ৰী সকলে গৰুৰ বিষয়ে ৰচনাখন কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো। ধন্যবাদ। (তলৰ Post a Comment ত ক্লিক কৰিলে এটা নতুন পেজ খুল খাব, তাত আপোনালোকে কমেন্ট কৰিব পাৰিব।)


পুথিভঁৰাল - অসমীয়া ৰচনা Library essay in Assamese Language
Next Post Previous Post
No Comment
Add Comment
comment url