লক্ষ্মীনাথ বেজবৰুৱা - অসমীয়া ৰচনা

 ইয়াত অসমৰ এজন খ্যাতনামা সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা -  বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকলে এই ৰচনা কেইখনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

অসমৰ এজন খ্যাতনামা সাহিত্যিক

পৰিচয়ঃ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে আপ্ৰাণ চেষ্টা কৰা এগৰাকী ব্যক্তি হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ ১৯ শতিকাত কেইবাখনো গদ্য, সাধুকথা আদিৰ পুথি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ উন্নতিসাধন কৰি এগৰাকী উচ্চ পৰ্যায়ৰ সাহিত্যিক ৰূপে পৰিগণিত হয়। 

জন্মঃ ১৮৬৪ চনৰ নৱেম্বৰ মাহত অসম আইৰ সু-সন্তান এই গৰাকী সাহিত্যিকৰ জন্ম হয়। তেওঁৰ পিতাক দীননাথ বেজবৰুৱাই নগাঁৱৰপৰা বৰপেটালৈ বদলি হৈ ব্ৰহ্মপুত্ৰৰ বুকুয়েদি সপৰিয়ালে যাত্ৰা কৰে আৰু সেইদিনাই নাৱৰ বুকুত তেওঁৰ জন্ম হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ ফালৰপৰা তেওঁক ‘লক্ষ্মীৰ বৰপুত্ৰ' আখ্যা দিয়া হয়। আনহাতে শিক্ষা জীৱনলৈ লক্ষ্য কৰি তেওঁক ‘সৰস্বতীৰ বৰপুত্ৰ' বুলি কোৱা হয়। 

শিক্ষাঃ বেজবৰুৱাদেৱে উত্তৰ লক্ষীমপুৰত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। শিৱসাগৰ হাইস্কুলৰপৰা তেওঁ প্ৰৱেশিকা পৰীক্ষা পাছ কৰে (১৮৮৬- খৃঃত)। প্ৰৱেশিকা পৰীক্ষাৰ বৃত্তি লাভ কৰি তেওঁ কলিকতাৰ ৰিপণ কলেজত পঢ়ে আৰু ১৮৯৮ খৃঃত এছেমব্লি কলেজৰপৰা বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ এম. এ. আৰু বি. এল পঢ়ে। এজন মেধাবী ছাত্ৰ হিচাপে তেওঁ সকলোবোৰ পৰীক্ষাত সুনাম অৰ্জন কৰি পাছ কৰিছিল। 

কৰ্মজীৱনঃ সেই সময়ৰ ইংৰাজ চৰকাৰে বি.এ. পাছ কৰাৰ পিছতেই তেওঁক দুবাৰো হাকিম পদ যাচিছিল। কিন্তু স্বাধীনচিতীয়া লক্ষ্মীনাথ ইংৰাজৰ অধীনত কাম কৰিবলৈ ভাল নাপালে। তেওঁ প্ৰথমে ভোলানাথ বৰুৱাৰ লগত কাঠৰ কাৰবাৰ আৰম্ভ কৰি নিজৰ কৰ্মময় জীৱন আৰম্ভ কৰে। ইয়াৰ কেইবছৰমান পিছত তেখেতে সম্বলপুৰত নিজাকৈ ব্যৱসায় আৰম্ভ কৰে। 

সাহিত্যিক হিচাপে লক্ষীনাথ বেজবৰুৱাঃ লক্ষ্মীনাথ বেজবৰুৱা এজন বিখ্যাত সাহিত্যিক আছিল। সৰুকালৰপৰাই তেওঁৰ অন্তৰত সাহিত্যৰ বীজ অঙ্কুৰিত আছিল। সেয়েহে তেওঁ পঢ়ি থকা সময়ৰপৰা সাহিত্যচৰ্চাত মন দিছিল। কলিকতাৰ কলেজত পঢ়ি থকা সময়ত তেওঁ জোনাকী আলোচনী আদি প্ৰতিষ্ঠা কৰি অসমীয়া ভাষা-সাহিত্যৰ একনিষ্ঠ' সেৱক হিচাপে আত্মনিয়োগ কৰিছিল। ১৯০৯ খৃঃত তেওঁ মাহেকীয়া ‘বাঁহী' আলোচনীৰ সম্পাদক হয়। এই কাকতৰ জৰিয়তে তেখেতে নানা ধৰণৰ গল্প, প্ৰৱন্ধ আদি লিখি অসমীয়া ভাষাক চহকী কৰে। তাৰ বাহিৰেও তেওঁ তেওঁৰ লিখনিৰ দ্বাৰা অসমীয়া জাতিৰ মনত আত্মচেতনা, দেশপ্ৰেম আদিও জগাই তোলে। 

লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁৰ জীৱনৰ বেছিভাগ সময় অসমৰ বাহিৰতে কটাবলগীয়া হয়। তথাপি অসমী আইৰ সৰ্বতোপ্ৰকাৰ উন্নতিৰ হকে বেজবৰুৱাদেৱে যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেওঁৰ লিখনিত অসমী আইৰ প্ৰতি থকা দেশপ্ৰেম প্ৰকাশ পাইছিল। তেওঁৰ লিখনিত 'নবৰস'ৰ আটাইবোৰেই পোৱা যায়। সেয়েহে তেওঁক ৰসৰাজ উপাধি দিয়া হৈছিল। 

লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা পুথিসমূহ হ'ল— লিতিকাই, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, পদুমকুঁৱৰী, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, সুৰুচী, শঙ্কৰদেৱৰ কদমকলি, জনুকা, জোনবিৰি, নোমল, শ্ৰীশংকৰদেৱ, শ্ৰীমাধৱদেৱ, জয়মতী, বেলিমাৰ তত্ত্বকথা, ভাগৱত কথা কেহোঁকলি আদি। এইবোৰৰ বাহিৰেও তেওঁ বহুতো গল্প, সাধুকথা আদিও লিখিছিল। তেওঁৰ লিখনিত হাস্যৰসেই বিশেষভাৱে প্ৰাধান্য লাভ কৰিছে। সেয়েহে তেওঁৰ লিখনি পঢ়ি অসমীয়া জনসাধাৰণে দুৰ্দশাপীড়িত জীৱনত অলপ হাঁহিৰ ৰেঙণি দেখিব পাৰে । 

বেজবৰুৱাদেৱৰ এই জনপ্ৰিয় সাহিত্যৰাজীৰে তেখেতৰ অসমীয়া জাতিৰ মাজত সঁচাকৈয়ে উচ্চতম আসনত প্ৰতিষ্ঠা কৰিলে। ১৯৪২ চনত অসম সাহিত্যসভাৰো তেখেতক সভাপতিৰ গৌৰৱময় পদত বহুৱাই সাহিত্যিক প্ৰতিভাৰ স্বীকৃতি প্ৰদান কৰিছে। তেখেতৰ অমৃতময় কলমৰ পৰা নিগৰি পেলোৱা ‘অ’, মোৰ আপোনৰ দেশ' নামৰ জাতীয় সঙ্গীতটিয়ে শদিয়াৰপৰা ধুবুৰীলৈ সমগ্ৰ অসমীয়া জাতিটোক একতা আৰু জাতীয় ভাৱেৰে উদ্বুদ্ধ কৰি এনাজৰীৰে বান্ধি ৰাখিছে। এই মহান সাহিত্যিক গৰাকীয়ে বিভিন্ন ধৰণৰ সাহিত্য ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ সৰ্বতোপ্ৰকাৰ উন্নতি সাধন কৰে। 

সামৰণিঃ দেশপ্ৰেমত উত্তাল বেজবৰুৱাদেৱে অকল অসমীয়া ভাষা- সাহিত্যৰ শ্ৰীবৃদ্ধি সাধন কৰিয়েই নেৰিলে। কুসংস্কাৰেৰে আৱৰি ৰখা অসমীয়া সমাজখনক সাৰি-পুচি নিকা কৰি অসমীয়া জাতিৰ অন্তৰত চেতনাৰ বীজ ৰোপন কৰিলে। এই গৰাকী মহান ব্যক্তিৰ অমৰ আদৰ্শই অসমীয়া জাতিৰ কৰ্মপথ উজ্জ্বল কৰাই তেখেতৰ সাহিত্য সাধনাৰ আদৰ্শই সাহিত্যনুৰাগী অসমীয়া জাতিৰ প্ৰাণত অসীম অনুপ্ৰেৰণা যোগাওক ।

-- সমাপ্ত --


class 5, class 6, class 7, Class 8, Class 9, class 10, hslc, class 11, hs, class 12 ৰ ছাত্ৰ-ছাত্ৰী সকলে অসমৰ এজন খ্যাতনামা সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা  বিষয়ে ৰচনা খন কেনেকোৱা পালে তলত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালো।
Previous Post
No Comment
Add Comment
comment url