কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ বিষয়ে ৰচনা

ইয়াত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ বিষয়ে এখন ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।


নবীন চন্দ্ৰ বৰদলৈ

জন্মঃ ইং ১৮৭৫ চনৰ ৩ নৱেম্বৰ তাৰিখে উত্তৰ গুৱাহাটীত নবীন চন্দ্ৰ বৰদলৈৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম মাধৱ চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম সোমেশ্বৰী দেৱী আছিল। তেখেতৰ ঘৰত মতা নাম আছিল ‘মানু’। 

শিক্ষাঃ নবীন চন্দ্ৰ বৰদলৈ এজন সৎ আৰু মেধাৱী ছাত্ৰ আছিল। শ্ৰেণীত তেওঁ সদায় প্ৰথম হৈছিল। ইং ১৮৯২ চনত তেখেতে তেজপুৰ হাইস্কুলৰ পৰা সুখ্যাতিৰে এন্ট্রেন্স পৰীক্ষা পাছ কৰে। ১৮৯৪ চনত কলকাতাৰ জেভিয়াৰ্ছ কলেজৰ পৰা এফ এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৯৬ চনত প্ৰেছিডেন্সি কলেজৰ পৰা বি এ পাছ কৰি এম এ আৰু আইন পঢ়ে। ৰিপণ কলেজৰ পৰা বি এল পৰীক্ষা পাছ কৰি অসমলৈ ঘূৰি আহে। 

কৰ্মজীৱনঃ বৰদলৈদেৱে গুৱাহাটীত ওকালতি আৰম্ভ কৰে। ইংৰাজ চৰকাৰে বৰদলৈক দুবাৰো মেজিষ্ট্রেট পদ যাচিছিল যদিও তেখেতে সেই পদ গ্ৰহণ কৰা নাছিল । বৰদলৈ এজন স্বাধীন চিন্তাৰ লোক আছিল বাবেই ওকালতি আৰম্ভ কৰি এজন নামকৰা উকীল হয়। ১৯০৯ চনৰ পৰা ১৯১৮ চনলৈ কলকাতাৰ উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। সেই সময়তে তেওঁ ৰিপণ আইন কলেজত অধ্যাপনাও কৰিছিল। 

গুৱাহাটীৰ কামৰূপ একাডেমী বিদ্যালয়, উত্তৰ গুৱাহাটীৰ কমলদেৱ ইনষ্টিটিউট, কুমাৰ ভাস্কৰ নাট্য মন্দিৰ আদি তেখেতৰ যত্নতে গঢ়ি উঠে। বৰদলৈদেৱে ১৯২৫ চনত অসম কাউন্সিলৰ স্বৰাজ দলৰ নেতাস্বৰূপে কাম-কাজ চলাইছিল। বৰদলৈ এজন সুলেখকো আছিল। তেখেতে তীর্থযাত্রী, শিশুৰ হাঁহি, প্রেম-কাকত, কৃষ্ণলীলা, অমাতৰ মাত, পুৰণি অসমীয়া ভাষা-সাহিত্য আদি মূল্যৱান কিতাপ লিখিছিল । 

মৃত্যুঃ এবাৰ বৰদলৈদেৱে ছিলঙৰ পৰা ঘূৰি আহোতে বাটত মটৰ দুৰ্ঘটনাত তেওঁৰ আঁঠুৰ ছাল ছিঙিছিল। আঘাত গুৰুতৰ নাছিল যদিও বহুমূত্ৰ ৰোগ থকা কাৰণে তেখেতে বিছনাত পৰিবলগীয়া হ'ল। অৱস্থা লাহে লাহে বেয়া হৈ ১৯৩৬ চনৰ ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ যোৰপুখুৰীৰ পাৰৰ শান্তি ভৱনত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। কামেই জীৱনৰ একমাত্ৰ ব্ৰত আছিল বাবেই তেখেতে 'কৰ্মবীৰ' উপাধি পাইছিল। 


Previous Post
No Comment
Add Comment
comment url