ভূমিকম্পৰ বিষয়ে ৰচনা

ভূমিকম্প আৰু ল'বলগীয়া সাৱধানতাৰ বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল ভূমিকম্পৰ বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

ভূমিকম্প আৰু ল'বলগীয়া সাৱধানতা

আৰম্ভণিঃ প্ৰাকৃতিক ঘটনাবোৰৰ দুটা দিশ থাকে। এটা ইতিবাচক আৰু আনটো নেতিবাচক। ঋতু পৰিৱৰ্তন মানুহৰ বিকাশৰ বাবে প্ৰয়োজনীয়। আনহাতে বানপানী, ভূমিকম্প আদিয়ে সংহাৰৰ সৃষ্টি কৰে। সেইবাবে এইবোৰ নেতিবাচক। ভূমিকম্প ভয়ংকৰ নিষ্ঠুৰ এটা প্রাকৃতিক ঘটনা। ই আকস্মিকভাৱে আহি ধ্বংসলীলাৰ সৃষ্টি কৰে। বিভিন্ন প্রাকৃতিক কাৰণত পৃথিৱীৰ উপৰিভাগ কেতিয়াবা কম-বেছি পৰিমাণে কঁপি উঠে। এনে আলোড়ন বা কম্পনৰ নামেই ভূমিকম্প।

সম্ভাৱ্য কাৰণসমূহঃ ভূমিকম্প হঠাতে আহে; কিন্তু এনেয়ে নাহে, ইয়াৰ অন্তৰালত কিছুমান কাৰণ থাকে। বিজ্ঞানীসকলে ভূমিকম্পৰ সম্ভাব্য কাৰণ স্বৰূপে তিনিটা বিষয় দেখুৱাইছে -

     (ক) শিলাচ্যুতি 

     (খ) ভূ-পৃষ্ঠজনিত 

     (গ) আগ্নেয়গিৰি উদ্‌গীৰণ 

ভূ-গৰ্ভৰ তলত ঠাকে ঠাকে থকা শিলাস্তৰৰ মাজত কেতিয়াবা ফাঁকৰ সৃষ্টি হয় তেতিয়া কঁপনি উঠে। ভিতৰি ভিতৰি বহুদূৰলৈকে এই কঁপনি প্রবাহিত হয় ৷ সাধাৰণতে পার্বত্য অঞ্চলত এই ধৰণৰ ভূমিকম্প হোৱা দেখা যায় ৷ 

কেতিয়াবা আকৌ পার্বত্য অঞ্চলৰে একো একোটা বৃহৎ অংশ খহি পৰে ৷ একেদৰে তুষাৰবৃত অঞ্চলত হিমপ্রপাত হয়। এনে ঘটনা ঘটিলেও ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে। আগ্নেয়গিৰিৰ উদ্‌গীৰণৰ ফলতে ডাঙৰ ডাঙৰ ভূমিকম্প হোৱা দেখা যায়। ভূ-গৰ্ভত সঞ্চিত বাষ্প বা লাভাবোৰে তেতিয়া ওলাই আহিবলৈ চেষ্টা কৰোঁতে ভূ-ভাগত প্ৰচণ্ড কঁপনি উঠে। তাৰপাছত অগ্নুৎপাত হয় আৰু আলোড়ন চলি থাকে। এনে কাৰণত জাপানতে বেছি ভূমিকম্প হয় ৷ 

দুটামান উদাহৰণঃ পৃথিৱীত আটাইতকৈ ডাঙৰ ভূমিকম্পটো হৈছিল ১৯৫৬ চনত ৷ চীনৰ চাংচি প্ৰদেশত হোৱা এই ভূমিকম্পৰ ফলত ৮,৩০,০০০ লোকৰ মৃত্যু হৈছিল। ১৯৭৬ চনত চীনৰ টাংছান নামৰ নগৰখন আন এটা ভূমিকম্পই বিধ্বস্ত কৰি গৈছিল ৷ ইয়াৰ ফলত ২,৪০,০০০ লোকৰ মৃত্যু হৈছিল। একে সময়তে গুৱা টেমালাত হোৱা ভূমিকম্পত ২৩,০০০ লোকৰ প্ৰাণ হানি হৈছিল। ১৯৭৮ আৰু ১৯৮৫ চনত ক্ৰমান্বয়ে ইৰান আৰু মেক্সিকোত দুটা ডাঙৰ ভূমিকম্প হৈছিল। ভাৰতত ১৮৯৭, ১৯০৫, ১৯৩৪, ১৯৫০, ১৯৭৫, ২০০১ আৰু ২০০৬ চনত ডাঙৰ ভূমিকম্প হৈছিল। 

অসমত ভূমিকম্পঃ বিজ্ঞানীসকলে নির্দিষ্ট কৰি দিয়া ভূমিকম্প হ'ব পৰা অঞ্চলসমূহৰ ভিতৰত অসমো আছে। অসমত সৰুৰে পৰা ডাঙৰলৈ মাজে সময়ে ভূমিকম্প হৈ থাকে। 

কিন্তু দুটা প্রলয়ংকাৰী ভূমিকম্পই অসমৰ প্ৰচুৰ ক্ষতি সাধন কৰিছিল। ইয়াৰে প্ৰথমটো হৈছিল ১৮৯৭ চনৰ ১২ জুনত। ৮.৭ ৰিখটাৰ স্কেলৰ এইটো ভূমিকম্পৰ ফলত ঘৰ- দুৱাৰ, দলং, বাট-পথ আদিৰ প্ৰচুৰ ক্ষতি হৈছিল। বহু অঞ্চল বহি গৈছিল, কিছুমান ওপৰলৈ উঠিছিল, নদীয়ে গতিপথ সলনি কৰিছিল। দ্বিতীয়টো ভূমিকম্প হৈছিল ১৯৫০ চনৰ ১৫ আগষ্টত। ইয়াৰ প্রাবল্য আছিল ৮.৬। সন্ধিয়াৰ পৰা গোটেই নিশা জুৰি কঁপনি হৈ আছিল। এইটো ভূমিকম্পৰ ফলত উজনি অসমত বিস্তৰ ক্ষতি সাধন হৈছিল। ঘৰ-দুৱাৰ মাটিৰ তলত পোত গৈছিল। ভালেকেইখন নদীৰ গতিপথ সলনি হৈছিল। আনকি ব্ৰহ্মপুত্ৰখনো বাম হৈ গৈছিল। অসমত সঘনে ভূমিকম্প হ'বলৈ ধৰিছে। এইবোৰৰ প্রাবল্য কম হোৱাৰ বাবে ক্ষয়-ক্ষতি তেনেকৈ হোৱা নাই। কিন্তু বিজ্ঞানীসকলে মাজে মাজে ডাঙৰ ভূমিকম্প হোৱাটো সম্ভৱ বুলি সকীয়নি দি আছে। 

উদ্ধাৰ আৰু সাহায্য অভিযানঃ ভূমিকম্পত বিধ্বস্ত অঞ্চলসমূহত আজিকালি তৎকালীনভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱা হয়। মানুহ এতিয়া সচেষ্ট হৈছে আৰু বিজ্ঞানীৰ সহায়ত উদ্ধাৰৰ বাবে বিভিন্ন সা-সঁজুলি প্ৰস্তুত কৰা হৈছে। চৰকাৰী-বেচৰকাৰী সংস্থাৰ লগতে সামৰিক আৰু অৰ্ধসামৰিক বাহিনীও উদ্ধাৰৰ বাবে লগে লগে নামি যায়। খাদ্য সামগ্রী, কাপোৰ-কানি, পানী, জৰুৰী চিকিৎসা ব্যৱস্থাৰ উপৰি অস্থায়ী বাসস্থানৰ দিহা কৰা হয়। এতিয়া ভূমিকম্প হ'লে দুৰ্গতসকলক সহায়ৰ বাবে বিভিন্ন ৰাষ্ট্ৰ লগে লগেই আগবাঢ়ি আহে। 

সামৰণিঃ বিজ্ঞানীসকলে ভূমিকম্পৰ বিষয়ে অহৰহ গৱেষণা কৰি আছে। আগতীয়াকৈ জাননী দিব পাৰিলে বিপদৰ পৰা হাত সাৰিবলৈ নিশ্চয় সুবিধা হ'ব। ভূমিকম্পৰ ফলত এটি পৰিসংখ্যা অনুযায়ী এই পর্যন্ত পৃথিৱীত ৭ কোটিতকৈও অধিক লোকৰ মৃত্যু ঘটিছে। সেইবাবে বিপর্যয় ৰোধ কৰিবলৈ হ'লে ভূমিকম্পৰ আগ জাননী লাভ কৰিবই লাগিব। মানৱ জাতিৰ ধ্বংস ৰোধ কৰিবলৈ তেনে আৱিষ্কাৰ নিশ্চয় কল্যাণকৰ হ'ব।


অন্যান্য ৰচনা:
Previous Post
No Comment
Add Comment
comment url