চুনামিৰ বিষয়ে ৰচনা

 প্রাকৃতিক দুর্যোগ চুনামিৰ বিষয়ে এখন অসমীয়া ৰচনা সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই চুনামিৰ বিষয়ে ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

প্রাকৃতিক দুর্যোগ চুনামি

আৰম্ভণিঃ ভগৱানৰ সৃষ্টি এই বিনন্দীয়া বিশ্বৰ প্ৰকৃতিয়ে প্ৰাণীক সৰ্বতো প্ৰকাৰে উপকাৰ সাধন কৰি আহিছে। প্ৰকৃতিৰ সাম্য আৰু মনোমোহা ৰূপৰ বিপৰীতে অন্য এক সংহাৰী ৰূপো আছে। এনে সংহাৰী ৰূপত ভূমিকম্প, শিলাবৃষ্টি, বানপানী আদিৰ লগতে বিভিন্ন প্ৰকাৰৰ বা-মাৰলী বা ঘূর্ণী বতাহো আছে। বা-মাৰলীৰ লগৰে আন এবিধ সংহাৰী প্ৰাকৃতিক দুর্যোগ হ'ল চুনামি বা সাগৰীয় ঢৌ। চুনামি (Tsunami) জাপানী শব্দ। সাগৰীয় ঘূৰ্ণী বতাহে সমগ্ৰ সাগৰত তোলপাৰ লগায় যদিও চুনামিয়ে উপকূল ভাগতহে তাণ্ডৱ চলায় ৷ জাপানী ভাষাত ‘চু’ মানে সাগৰৰ তীৰ আৰু 'নামি' অর্থই ঢৌক বুজায় । 

চুনামিৰ বিৱৰণঃ সাধাৰণতে সাগৰৰ পৃষ্ঠত ভূমিকম্প হলে সাগৰীয় ঢৌৰ সৃষ্টি হয় । ফলত সেই ঢৌৰ পানী প্ৰায় ১০০/১৫০ মিটাৰ ওফন্দি তীৰ ভূমিলৈ পানী প্ৰসাৰিত হয়। সেই পানীয়ে সাগৰীয় অঞ্চলৰ নগৰ-চহৰ আদিত তাণ্ডৱৰ সৃষ্টি কৰে। সাধাৰণতে ঘটি থকা জোৱাৰৰ দৰে চুনামি খন্তেকীয়া নহয় বাবেই ই মানৱ জাতিৰ বাবে সন্ত্ৰাসকাৰী। যদিও অতীজৰে পৰা চুনামিৰ ক্ৰিয়া আছিল, কিন্তু ২০০৪ চনৰ ২৬ ডিচেম্বৰত পুৱা ভাৰত মহাসাগৰত সুমাত্রা দ্বীপৰ সমুদ্ৰৰ ভূগৰ্ভত হোৱা ভূমিকম্পৰ ফলত শিলাস্তৰবোৰ ওলট- পালট হৈ পৰিল। সেই ভূমিকম্প ৰিখটাৰ স্কেলত ৮.৯ হৈছিল। ফলত মহাসাগৰত চুনামৰি সৃষ্টি হয়। এই চুনামিয়ে থাইলেণ্ড, ইন্দোনেচিয়া, ম্যানমাৰ, শ্ৰীলংকা, মালেচিয়া, ভাৰতৰ আন্দামান নিকোবৰ আদিত তাণ্ডৱৰ সৃষ্টি হৈছিল । তাৰ প্ৰভাৱ তামিলনাদু, কেৰেলা আদিতো পৰিছিল । সাগৰীয় ঢৌ উপকূল অঞ্চলত সাত মিটাৰ পৰ্যন্ত উঠিছিল।

ক্ষয়ক্ষতিঃ চুনামি মানেই ধ্বংসলীলা। চুনামিয়ে নিমিষতে সাগৰৰ উপকূল অঞ্চলৰ নগৰ-চহৰ ধ্বংসত পৰিণত কৰে । ২০০৪ চনৰ চুনামিত ইণ্ডোনেচিয়াত প্ৰায় আশী হাজাৰ আৰু ভাৰতত প্ৰায় ৪৫০০ হাজাৰ মানুহ মৃত্যু হৈছিল আৰু হাজাৰ-বিজাৰ মানুহ নিখোজ হৈছিল। সকলো ঠাইতে যোগাযোগ বিচ্ছিন্ন হৈছিল, বহুদিনলৈকে বিদ্যুৎ ব্যাহত হৈছিল। হঠাতে অহা চুনামিয়ে মাছমৰীয়াসকলক সমুদ্রৰ অটল গৰ্ভত চিৰদিনৰ বাবে নিক্ষেপ কৰিলে। চুনামিৰ পাছতো একে হাহাকাৰ অৱস্থা বহুদিনলৈকে আছিল । 

সাহায্যঃ চুনামিৰ ধ্বংসলীলা বিশ্বৰ অন্যতম দুৰ্দিনৰ সময়। নিহতসকলে চিৰ বিদায় ল'লে। যিসকল জীয়াই থাকিল সেইসকলৰ দুখ-দুৰ্দশাই বিশ্বমানৱক সঁচকিত কৰি তুলিলে । চুনামিৰ পাছত বিশ্বৰ সকলো দেশেই ভুক্তভোগী অঞ্চলসমূহত উদ্ধাৰৰ কাৰ্য আৰু খাদ্যবস্তু, আৱাস আদি সংস্থাপনত উঠি পৰি লাগিছিল, ৰাষ্ট্ৰসংঘইও সকলো প্ৰকাৰে সহায় কৰিছিল । এই উদ্ধাৰ কাৰ্যত ভাৰতীয় নৌ বাহিনীৰ ২৬ খন যুদ্ধ জাহাজ নিয়োজিত হৈছিল । 

অন্য প্রাকৃতিক দুর্যোগঃ চুনামিৰ দৰে অন্য এক প্রাকৃতিক দুর্যোগ ঘূৰ্ণীবতাহ্ বা হাৰিকেন হাৰিকেনেও সমুদ্রতে অৱস্থিতি লৈ ভীষণ ৰূপেৰে উপকূল ভূমিত তাণ্ডৱলীলা কৰে। হাৰিকেনৰ লক্ষণ নিৰ্ণয় কৰি তাৰ বিভিন্ন নাম দিয়া হয়। ২০১২ চনৰ অক্টোবৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত ‘ছেণ্ডি’ আৰু ভাৰতৰ দক্ষিণত হোৱা 'নীলম' ঘূর্ণী বতাহে যথেষ্ট ক্ষয়-ক্ষতি কৰিলে। ছেণ্ডিয়ে নিউয়র্ক আৰু আটলাণ্টিক মহাসাগৰৰ উপকূলৰ নগৰবোৰ, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত অশেষ ক্ষতি কৰিছিল। 

সামৰণিঃ প্রাকৃতিক দুৰ্যোগত মানৱ জাতি অসহায় হৈ পৰে। ভূমিকম্প, ঘূৰ্ণীবতাহ বা চুনামি কেতিয়া আহে কোনেও নাজানে। কিন্তু তাৰ বাবে সাৱধানতা অৱলম্বন কৰা যুগুত। ঘূর্ণী বতাহ চুনামিৰ আগ জাননী পোৱা যায়। সেইবাবে আগতিয়াকৈ নিৰাপদ স্থানত উপকূলীয় লোকক সংস্থাপন চৰকাৰসমূহে কৰা উচিত। মাছমৰীয়াসকলে যাতে সেইসময়ত সাগৰলৈ নাযায় তাৰো সতৰ্ক কৰা যুগুত। বিপদৰ বন্ধুহে প্রকৃত বন্ধু। প্রাকৃতিক দুৰ্যোগৰ সময়তেহে এই কথা বুজিব পাৰি। 


অন্যান্য ৰচনা:
Next Post Previous Post
No Comment
Add Comment
comment url