কুশল কোঁৱৰৰ বিষয়ে ৰচনা

 এগৰাকী খ্যাতনামা ব্যক্তি শ্বহীদ কুশল কোঁৱৰৰ বিষয়ে এখন ৰচনা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকল এই ৰচনা খনৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো।

শ্বহীদ কুশল কোঁৱৰ

আৰম্ভণিঃ মই ভালপোৱা আদৰ্শ ব্যক্তিসকলৰ ভিতৰত শ্বহীদ কুশল কোঁৱৰ অন্যতম। এই গৰাকী দেশপ্রেমিক ব্যক্তি অতি সাধাৰণ গাঁৱলীয়া কৃষক পৰিয়ালৰ সন্তান। তেখেতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰি স্বদেশৰ কল্যাণৰ বাবে জীৱন পৰ্যন্ত আহুতি দি গ'ল।

জন্ম আৰু শিক্ষাঃ কুশল কোঁৱৰ নামৰ এইজন আদৰ্শ আৰু মহান ব্যক্তিৰ জন্ম হৈছিল ১৯০৫ চনৰ ২১ মাৰ্চত। অসমীয়া তাৰিখ মতে ৯ চ'ত আছিল । তেওঁৰ জন্ম হোৱা গাঁৱখনৰ নাম হ'ল চাউদাং পথাৰ, বালিজান। গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ এই গাঁওখন ফৰকাটিং ৰে'ল জংচনৰ দক্ষিণে প্রায় দুমাইল দূৰত অৱস্থিত। পিতৃৰ নাম সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম কনকেশ্বৰী কোঁৱৰ। এওঁলোকৰ মুঠ আঠজন সন্তানৰ পঞ্চমটিয়েই হ'ল কুশল। 

কুশল কোঁৱৰৰ ডেকা অৱস্থাতে সৰু পথাৰৰ ৰেংমাইৰ গন্ধকৰৈ গাঁৱলৈ উঠি যায়।

শিক্ষাৰ ক্ষেত্ৰত কুশল কোঁৱৰ বেছি শিক্ষিত নাছিল। প্ৰাথমিক শিক্ষা আহৰণ কৰাৰ পাছত পিতৃয়ে তেওঁক গোলাঘাট চহৰৰ বেজবৰুৱা হাইস্কুলত নাম লগাই দিলে। ঘৰৰ পৰা দূৰ হোৱাত আৰু যাতায়াতৰ সুবিধা নথকাত গোলাঘাট নগৰৰ এঘৰ পুৰণি মানুহৰ বাৰীত বহা সাজি দি (বৰ্ডিং) দুজনমান আন ল'ৰাৰ লগত থাকিবলৈ দি পঢ়াৰ সুবিধা কৰি দিলে। ল'ৰালি কালত কুশল অলপ উৎপতীয়া আছিল যদিও তেওঁ এজন সুদক্ষ ফুটবল খেলুৱৈৰূপে স্কুলত সু-পৰিচিতি হৈছিল। কুশলৰ অন্যান্য গুণো আছিল । সুন্দৰ বিহুনাম গোৱা, পেঁপা বজোৱা, বাঁহী বজোৱা আদিৰ লগতে এগৰাকী নাচনিও আছিল। কিন্তু, শিক্ষা গ্ৰহণত বেছি দিন জড়িত নাথাকি কেইশ্রেণীমান পঢ়িয়েই স্কুলৰ তলৰ শ্ৰেণীতে শিক্ষা সামৰিলে। কেইবছৰমানৰ পাছত তেওঁ ওচৰৰে বালিজান চাহ বাগিচাত মহৰীৰূপে যোগ দিয়ে ৷ 

স্কুলত পঢ়াকালত বৰ্ডিঙত থকা লগৰীয়া আন দুজন হ'ল ভদ্ৰকান্ত ফুকন আৰু ডিম্বধৰ ফুকন। এওঁলোক সৰুৰে পৰা স্বাধীনচিতীয়া মনৰ আছিল। ১৯১৮ চনৰ আগে-পাছে এই তিনি বন্ধু স্কুলত পঢ়ি থাকোতে মনত স্বৰাজ আন্দোলনৰ বীজ সোমালে। পাছত ভদ্ৰফুকন আৰু কুশল কোঁৱৰ স্বৰাজ আন্দোলনৰ একোজন সেনাপতি হ'ল ৷

কৰ্মজীৱন আৰু বিবাহঃ কুশল কোঁৱৰৰ পৰিয়াল পূৰ্বৰে পৰা খেতিয়ক। অৱশ্যে তেওঁলোক তুংখুঙীয়া ফৈদৰ ৰজা কমলেশ্বৰ সিংহৰ বংশধৰ বুলি জনা যায়। খেতিৰে এটা ডাঙৰ পৰিয়াল পোহপাল দিবলৈ অসুবিধা হোৱাত পিতৃয়ে কাঠৰ কাৰবাৰ কৰিছিল ৷ হয়তো ইয়াতে অনুপ্ৰাণিত হৈ তেওঁ ১৯২৫ চনত থলুৱা বালিজান চাহ বাগিচাত কৰ্ম-জীৱনৰ পাতনি মেলে। এনে সময়তে তেওঁৰ মৰঙিৰ কোঁৱৰ গাঁৱৰ প্ৰেমানন্দ দুৱৰাৰ কন্যা প্ৰভাৱতীৰ লগত বিবাহ হয়। কুশলে ১৯৩৬ চনত বাগিচাৰ চাকৰি এৰি গন্ধকৰৈ গাঁৱলৈ ভাল সংস্থাপনৰ বাবে যাত্ৰা কৰে। কুশল কোঁৱৰে সেই ঠাইত এখন প্ৰাথমিক বিদ্যালয় পাতি শিক্ষকতা কৰিবলৈ ধৰে ৷ 

স্বৰাজ আন্দোলনৰ অক্লান্ত কৰ্মীঃ কুশল কোঁৱৰে গোলাঘাটত পঢ়ি থকা কালতে স্বৰাজ আন্দোলন আৰু দুই-চাৰিজন নেতাৰ সৈতে পৰিচয় হৈছিল। ১৯২১ চনত কেইজনমান সতীৰ্থৰ সৈতে স্বৰাজ আন্দোলনত যোগদান কৰে। তেতিয়া তেওঁৰ বয়স আছিল ষোল্ল। এই অসহযোগ আন্দোলনৰ এজন প্ৰধান হোতা আছিল বিপ্লৱী বীৰ শংকৰচন্দ্ৰ বৰুৱা । তেওঁ প্রভাৱতে কুশল কোঁৱৰ, ভদ্ৰ ফুকন, ডিম্ব ফুকন আদি বহুত চেঙেলীয়া ডেকাই সত্যাগ্রহত ভাগ লৈছিল। 

১৯৩৬ চনত চাকৰি ত্যাগ কৰি সৰু পথাৰলৈ গৈ বাস কৰিবলৈ লোৱা কুশল কোঁৱৰক সম্পাদক পাতি শংকৰচন্দ্ৰ বৰুৱাই সৰুপথাৰ মৌজা কংগ্ৰেছ কমিটি গঠন কৰে। সৰু পথাৰ চহৰত কংগ্ৰেছৰ কাৰ্যালয়ো পতা হ'ল । তেতিয়াৰ পৰা কুশল নিষ্ঠাৱান সংগঠকৰূপে অঞ্চলটোত স্বৰাজ কৰ্মীৰ বিশাল দল গঠন কৰিবলৈ সমৰ্থ হ'ল। কংগ্ৰেছৰ সকলো পৰ্যায়ৰ আন্দোলনত ভাগলোৱা কুশল কোঁৱৰে ১৯৩০ চনৰ দাণ্ডি যাত্ৰাৰে লোণ আইন বিৰোধিতা কৰাৰে পৰা তেওঁ নিমখ খাবলৈ এৰি দিয়ে। কুশলে গান্ধীজীৰ সকলো প্ৰকাৰৰ আহ্বানত জঁপিয়াই পৰে। তেওঁ অস্পৃশ্যতা বৰ্জন, বিদেশী কাপোৰ বৰ্জন, খাদী গ্রহণ, নিজে সূতা কাটি কাপোৰ বৈ পিন্ধা, মাদক দ্রব্য বর্জন, নিৰামিষ গ্রহণ আদি সকলো ক্ষেত্ৰতে অংশ লৈ প্ৰকৃত সত্যাগ্ৰহী জীৱন-যাপন কৰি গৈছিল । 

দ্বিতীয় মহাযুদ্ধ আৰু ভাৰত ত্যাগ আন্দোলনঃ ১৯৩৯ চনৰ ২ ছেপ্টেম্বৰত দ্বিতীয় মহাযুদ্ধ আৰম্ভ হ'ল। এই যুদ্ধত স্বৰাজ আন্দোলনকাৰীসকলে কোনো প্ৰকাৰে সহযোগ নকৰিলে আৰু ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে বোম্বাইৰ কংগ্ৰেছ অধিৱেশনত 'ভাৰত ত্যাগ' প্ৰস্তাৱ গৃহীত হ'ল। সমগ্ৰ ভাৰততে ব্ৰিটিছক ভাৰত ত্যাগ কৰিবলৈ দাবী জনাই তীব্র আন্দোলন গঢ়ি তোলা হ'ল। অসমতো এই বিপ্লৱৰ জুই দপদপাই জ্বলি উঠিল। 

কংগ্ৰেছৰ আত্মগোপন বাহিনীয়েও শক্তিশালী পদক্ষেপ ল'লে। গোলাঘাটৰ এই বাহিনীৰ নেতৃত্বত শংকৰচন্দ্ৰ বৰুৱা। তেওঁলোকৰ আঁচনি অনুসৰি ১৯৪২ চনৰ ১০ অক্টোবৰত সৰু পথাৰৰ ওচৰত চাংপুল নামৰ ঠাইত ৰে'ল বগৰোৱা হ'ল । এই ৰে'লত অহা সহস্ৰাধিক সৈন্যৰ থিতাতে মৃত্যু হ'ল। ফলত ইংৰাজ চৰকাৰে কঠোৰ হাতেৰে স্বৰাজ কৰ্মীক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ দিলে। ইয়াৰ ফলত ৪২ জনক আচামীৰূপে গ্ৰেপ্তাৰ কৰা হ'ল। প্ৰথম জন হ'ল কংগ্ৰেছ নেতা কুশল কোঁৱৰ। উল্লেখযোগ্য যে এই ৰে'ল বগৰোৱাৰ দিনা নেতৃত্বত আছিল সুৰেন ফুকন। 

গোলাঘাটৰ লোকেল ব'ৰ্ড কাৰ্যালয়ত তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ অধিপতি হামফ্ৰে চাহাবে বিচাৰ কৰি কিছুমান সাক্ষী তৈয়াৰ কৰি কুশল কোঁৱৰক চূড়ান্ত শাস্তি প্রাণদণ্ডৰে দণ্ডিত কৰি ফাঁচীৰ আদেশ দিলে। এই আদেশৰ পৰিৱৰ্তনৰ বাবে ভাৰতৰ গৰ্বনৰ জেনেৰেললৈ আৱেদন কৰাতো ফল নধৰিল। গতিকে, ১৯৪৩ চনৰ ১২ ফেব্ৰুৱাৰীৰ শেষ নিশা যোৰহাট কাৰাগাৰত কুশল কোঁৱৰক ফাঁচী দিয়া হ'ল । 

সামৰণিঃ কুশল কোঁৱৰ অমৰ শ্বহীদ। প্রকৃততে কুশলহে বিপ্লৱী বীৰ। উল্লেখযোগ্য যে ভাৰত ত্যাগ আন্দোলনত ভাৰতবৰ্ষৰ বহু ঠাইত বহুজনক গুলী কৰি অন্যভাবেৰে ব্ৰিটিছে মাৰি পেলাইছিল। কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে বিচাৰ কৰি ফাঁচীকাঠত ওলোমাবলৈ দিয়া একমাত্র সৈনিক কুশল কোঁৱৰ । সেইদিনা স্বদেশমাতৃৰ গুণ-গান কৰি হাঁহি হাঁহি— “পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে” বুলি ঘোষা গাই মৃত্যুক সাৱটি ল'লে। কবিয়েও তেওঁক “মৃত্যু কুশল কুশল কোঁৱৰ” বুলি বন্দনা গাই গ'ল। তেওঁ নিজে মুক্ত ভাৰত দেখা নাপালে যদিও চৰম ত্যাগৰ বিনিময়ত দেশমাতৃৰ ভৰিৰ জিঞ্জিৰি চিৰকাললৈ খোল খালে। 

জয়তু কুশল কোঁৱৰ !!


Next Post Previous Post
No Comment
Add Comment
comment url