বাতৰি কাকত আৰু ইয়াৰ প্ৰয়োজনীয়তা - ৰচনা

 ভূমিকাঃ বাতৰি কাকত বৰ্তমান যুগত বিজয়স্তম্ভ। হেজাৰ হেজাৰ কিলোমিটাৰ দূৰৰ পৰা আৰম্ভ কৰি ঘৰৰ ওচৰত ঘটা সকলোবোৰ গুৰুত্বপূৰ্ণ ঘটনা, তাৰ কাৰ্য কাৰণ বিশ্লেষণ আদি বাতৰি কাকতে দাঙি ধৰাৰ লগতে ৰাজনৈতিক, সাংস্কৃতিক, সাহিত্যিক নানা ধৰণৰ লেখা বা বাতৰি পৰিবেশন কৰে বাতৰি কাকতে। 

বাতৰি কাকতৰ জন্মঃ বাতৰি কাকত চীনত প্ৰথমে ওলাইছিল বুলি জনা যায়। অতি প্ৰাচীন কালতে ইয়াত এক প্ৰকাৰৰ বাতৰি প্ৰচলন আছিল। তাৰ ভেটিতেই ছপাখানা আৱিষ্কাৰ হোৱাৰ পাছত বাতৰি কাকতে জন্ম লাভ কৰিলে। বহুতে ভেনিচতো প্ৰাচীন কালতে বাতৰি পৰিবেশনৰ ধাৰা প্ৰচলিত আছিল বুলি অনুমান কৰে। সম্প্ৰতি ছপাখানাৰ প্ৰসাৰ আৰু বাতৰি পঠোৱাৰ নতুন নতুন কৌশল আৱিষ্কাৰ হোৱাৰ পাছত বাতৰি কাকতবোৰ সংবাদ সৰবৰাহৰ একমাত্ৰ মাধ্যম হৈ পৰিছে। দূৰদৰ্শনত আমি বাতৰিবোৰ সবিশেষ নাপাওঁ, তদুপৰি বাতৰি পৰিবেশনৰ সময়ত দূৰদৰ্শন চাব নোৱাৰিলে বাতৰিবোৰৰ বিষয়ে গম নেপাওঁ,  কিন্তু বাতৰি কাকত হাতৰ কাষতে যিকোনো মুহূৰ্ততে পোৱা যায়। বাতৰি কাকতৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণো তিমান নেথাকে গতিকে ই মুক্তভাৱে বাতৰিবোৰ পৰিবেশন কৰিব পাৰে।

বাতৰি কাকত প্ৰকাশৰ কৌশলঃ প্ৰায়বোৰ উল্লেখযোগ্য ঠাইৰ পৰা বাতৰি কাকত প্ৰকাশ পায়। সাধাৰণতে ব্যক্তিগত চেষ্টাত ইয়াক প্ৰথমতে প্ৰকাশৰ ব্যৱস্থা কৰা হয়। কেতিয়াবা কেইজনমান বিত্তশালী মানুহে অংশীদাৰ হৈ বৰ্ড এখন গঠন কৰি তাৰ জৰিয়তেও কাকত উলিয়াই লয়। বাতৰি কাকত একোখনত এজন সম্পাদকৰ উপৰিও কেইবাজনো সহকাৰী সম্পাদক থাকে। ইয়াৰ উপৰিও বিভিন্ন ঠাইত থাকে বাতৰি যোগনিয়াৰবোৰ।

বাতৰি কাকতত কেনেকৈ বিশ্বৰ খবৰবোৰ পাছদিনাই প্ৰকাশ পায় সেয়া আচৰিত কথা। এই বাতৰিবোৰ ৰিপৰ্টাৰ, পি. টি. আই., ইউ এন. আই. আদি বাতৰি যোগনিয়াৰ সংস্থাবোৰে মেচিনৰ যোগেদি লগে লগে পঠাই দিয়ে। এই ক্ষেত্ৰত আজিকালি উপগ্ৰহবোৰেও বিশেষ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ যোগেদি অতি সোনকালে বাতৰি পঠাব পৰা হয়। টেলিপ্ৰিন্টাৰ,  টেলিগ্ৰাম,  ফেক্স আদি ব্যৱস্থাই বাতৰিবোৰ নিমিষতে বাতৰি কাকতৰ অফিচলৈ পঠাই দিয়ে। ৰেডিঅফটো যোগে বিদেশৰ চাঞ্চল্যকৰ ছবিও যোগান ধৰা হয়। থলুৱা সংবাদদাতা সকলে আঞ্চলিক বাতৰিবোৰ সংগ্ৰহ কৰে আৰু নিয়মিতভাৱে বাতৰি কাকতলৈ পঠিয়াই। সাধাৰণতে কোনো এটা ঘটনা ঘটিলে তালৈ সাংবাদিক গৈ ঘটনাৰ বুজ লয় আৰু লগতে তাৰ লগত জড়িত ব্যক্তিসকলক লগ ধৰে আৰু বিভিন্ন কথা তেওঁলোকৰ পৰা জানিব পাৰে। সাধাৰণতে দৈনিক কাকতবোৰ ৰাতি ছপোৱা হয়। তাৰ আকৌ প্ৰথম পৃষ্ঠাটো একেবাৰে শেষত ছপায় যাতে কোনো গুৰুত্বপূৰ্ণ ঘটনা আহিলে প্ৰথম পৃষ্ঠাতে তাক প্ৰকাশ কৰিব পৰা যায়।। 

বাতৰি পৰিবেশনত সম্পাদক আৰু সহসম্পাদকসকলৰ বুদ্ধিমত্তা, কৌশল প্ৰকাশ পায়। বাতৰিবোৰ আকৰ্ষণীয় কৰি তুলিবলৈ বা পঢ়ুৱৈক আৰু অধিক জনাৰ প্ৰতি কৌতূহলী কৰি তুলিবলৈ তেওঁলোকে লিখাৰ কৌশল প্ৰয়োগ কৰে। 

বাতৰি কাকতৰ বিভিন্ন দিশঃ বাতৰি কাকতখনত প্ৰকাশৰ বিভিন্ন দিশ জড়িত হৈ থাকে। বাতৰি কাকতখন চপোৱাৰ দায়িত্ব লয় ছপাখানাই। প্ৰায়বোৰ বাতৰি কাকত অফচেটত ছপোৱা হয়। তাৰ বাবে আগতে ডি টি পি কৰি বাতৰিবোৰ কম্পোজ কৰি লোৱা হয়। তাৰ পাছত অফচেট মেচিনত সেইবোৰ ছপোৱা হয়। আজিৰ এই প্ৰতিযোগিতাৰ যুগত বাতৰি কাকতবোৰে ছপাৰ ওপৰত অধিক গুৰুত্ব দি ইয়াক আকৰ্ষণীয় কৰি তোলে। 

প্ৰকাশ পোৱাৰ পাছত এইবোৰৰ প্ৰচাৰৰ ব্যৱস্থা লয় প্ৰচাৰক মেনেজাৰে। তেওঁ এই কাকত বিভিন্ন এজেণ্টলৈ পঠোৱাৰ ব্যৱস্থা কৰে। এজেন্টবোৰে ৰাতিপুৱাৰ লগে লগে বাতৰি কাকত পাবই লাগিব। সেই কাৰণে ৰাতিতেই কাকতবোৰ গাড়ীৰে বিভিন্ন এজেণ্টলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয়। এজেণ্টবোৰে হকাৰবোৰৰ যোগেদি তাক বিলাই দিয়ে। 

বাতৰি কাকতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হল ইয়াৰ বিজ্ঞাপন বিভাগ। বিজ্ঞাপন হ’ল বাতৰি কাকতৰ আয়ৰ প্ৰধান বাট। বাতৰি কাকত বিক্ৰীৰ যোগেদি বাতৰি কাকত এখন চলি থকা সহজ নহয়। কোম্পানীবোৰে বিজ্ঞাপন দিলে বাতৰি কাকত কৰ্তৃপক্ষক যথেষ্ট টকা দিব লগীয়া হয়। সেই টকাৰে বাতৰি কাকত পৰিচালনা কৰা হয়। চৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান আৰু ব্যক্তিগত মানুহে প্ৰয়োজনত বিজ্ঞাপন দিয়ে। ইয়াৰ পৰা উভয়ে লাভৱান হয়। 

বাতৰি কাকতৰ হিচাপ-পাতি ৰখা বা অইন কাম সম্পন্ন কৰিবলৈ কাৰ্যালয়ত বিভিন্ন কাৰ্যকৰী থাকে। তেওঁলোকে চিঠি পত্ৰ দিয়া নিয়া, পইচা সংগ্ৰহ কৰা, বিতৰণ কৰা আদি কামত ব্যস্ত থাকে।বাতৰি কাকতত কাম কৰা এই কৰ্মচাৰীসকলে কাকত কৰ্তৃপক্ষৰ পৰা দৰমহা পায়। বহু কাকত চৰকাৰে বান্ধি দিয়া নিৰিখত তেওঁলোকক দৰমহা দিয়ে, যদিও ক্ষুদ্ৰ বাতৰি কাকতবোৰে এই নিৰিখত দৰমহা দিবলৈ সমৰ্থ নহয়।

বাতৰিকাকতৰ গুৰুত্বঃ বাতৰি কাকতত বিভিন্ন বাতৰিৰ লগতে ক্ৰীড়া, সাহিত্য, অৰ্থনৈতিক আলোচনা, সংস্কৃতি আদি সময়োপযোগী ভিন ভিন শিতান থাকে। এইবোৰত বিজ্ঞ লোকসকলে বিবিধ প্ৰবন্ধ আগবঢ়ায়। সেইবোৰ সমসাময়িক সমস্যাবোৰৰ গুৰুত্ব সম্পৰ্কে সকলোকে সচেতন কৰি তোলে। ইয়াৰ যোগেদি জনমত গঠিত হয়। তদুপৰি চিঠি-পত্ৰৰ শিতানত ব্যক্তিগত চিন্তাবোৰকো প্ৰকাশ কৰিব পাৰি। এই চিন্তাবোৰত এক সামূহিক স্বাৰ্থ জড়িত হৈ থকা বাবে সকলোৱে ইয়াৰ পৰা উপকৃত হয়, লগতে মত বিনিময়ৰ যোগেদি এক সুদৃঢ় জনমত গঢ় লৈ উঠা দেখিবলৈ পােৱা যায়। গণতন্ত্ৰ ভৱিষ্যৎ বাতৰি কাকতৰ ওপৰত নিৰ্ভৰশীল। সম্প্ৰতি এই দায়িত্বৰ প্ৰতি কাকতবোৰ সচেতন হোৱা দেখিবলৈ পোৱা গৈছে। সেয়ে বাতৰি কাকতবোৰক ৰাজনৈতিক নেতাসকলেও সমীহ কৰে। ইয়াৰ বাবে কাকতবোৰ সত্যনিষ্ঠ আৰু নিৰ্ভীক হ’ব লাগে। ইয়াৰ সস্তীয়া জনপ্ৰিয়তালৈ লক্ষ্য কৰি কোনো কাকতে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে। ই গণতান্ত্ৰিক চিন্তাৰ পৰিপন্থী। ৰাজনৈতিক চিন্তাৰ লগতে সাংস্কৃতিক বা বাতৰিৰে ই মানুহক সুসংস্কৃত কৰি তোলাৰ চেষ্টা কৰিব লাগে। অৱশ্যে সম্প্ৰতি আলোচনী, বাতৰি কাকতে এই দিশলৈ মনোনিবেশ কৰা দেখা গৈছে। 

সামৰণিঃ বাতৰি কাকতৰ ক্ষমতা সৰ্বাধিক। ই চৰকাৰো ভঙা-পতা কৰিব পাৰে। এক তীব্ৰ জনমতৰ যোগেদি দুৰ্নীতি, কুসংস্কাৰৰ বিৰুদ্ধে ই এক বিক্ষোভ সৃষ্টি কৰিব পাৰে। বাতৰি কাকতবোৰে সেয়ে সদায় যথেষ্ট সচেতনতা অৱলম্বন কৰি বাতৰি, সম্পাদকীয় আদি প্ৰকাশ কৰিব লাগে। তেতিয়াহে দেশ আৰু দহৰ উন্নতিত ই অৰিহণা যোগাব পাৰিব। 

Previous Post
No Comment
Add Comment
comment url